Thursday 12 November 2020

অভিযান-সাহিত্য

যদি তুমি পঢ়িব খোজা বিষয়-বস্তুৰ গ্ৰন্থখন এতিয়াও লিখা হোৱা নাই, তেন্তে তুমি সেইখন নিশ্চিত ৰূপত লিখি উলিওৱা ৷ -টনী মৰিচন


কেনেকৈ পাৰ কৰিম পুনৰ এই দীঘলীয়া স্বনিৰ্বাসন ? গুৱাহাটীয়ানৰ মনত এতিয়া এইটোৱেই প্ৰশ্ন ৷ কোনো কোনোৱে কৈছে পাগল হৈ যাম ভাই ৷ এজনেতো আৰু এখোপ আগলৈয়ে গ ওলাই যাবলৈ নাপালেতো মই মৰিয়ে থাকিম কিজানি ৷

যিয়েই নহওক, আটাইৰে ভালৰ কাৰণে আমি এই গৃহবন্দী অৱস্থা নতশিৰে মানি লবই লাগিব ৷ ঘৰত সোমাই থাকক, নহলে হাস্পটালত থাকিব, নতুবা ফটোফ্ৰেমৰ মাজত সোমাবগৈ লাগিব ৷ কথাবোৰ এইদৰেই ওলাইছে ৷ কিন্তু এইটো ঠিক যে সময় ৰৈ নাথাকে, বাগৰি গৈ থাকিব ৷ আৰু এদিন, পৃথিৱী সুস্থ হব ৷ আমিও মুক্ত হম নিশ্চয় ৷

এনে আশাবাদৰ মাজেৰেই আমি বাচি থাকিব লাগিব ৷ সেইটো গুৰুত্বপূৰ্ণ ৷ কিন্তু কি কৰি থাকিম আমি, নাযায়-নুপুৱায় যেন লগা এই দুঃসময় ? আকৌ এক গম্ভীৰ প্ৰশ্নৰ অৱতাৰণা ৷

নিজস্ব চিন্তা-ভাবনাৰে উলিয়াই লোৱা সময়োপযোগী কৰ্ম আৰু ঘৰুৱা ব্যস্ততাই ইয়াৰ সঠিক উত্তৰ ৷ এই সময়ছোৱা আমি লাভজনকভাৱে, জ্ঞানবৰ্ধকভাৱে অতিক্ৰম কৰাটো প্ৰত্যেকৰে লক্ষ্য হোৱা উচিত ৷ অবাবত সময়ৰ অপচয় কৰাৰ পৰিৱৰ্তে বিভিন্নজনে বিভিন্ন যোগাত্মক, উৎপাদনশীল পন্থা ইতিমধ্যে উলিয়াই লৈছেই ৷ তাৰে ভিতৰত উত্তম পন্থা এটা হৈছে, আমি এই কালছোৱাত যথেষ্টখিনি পঢ়া-শুনা কৰি পেলাব পাৰোঁ ৷ হাতত কিতাপ-পত্ৰ মজুত থাকিলেতো ভালেই ৷ যদি নাই, অনলাইনযোগেও পোৱাটো সম্ভৱ ৷ কিছু কিছু কিতাপৰ পি.ডি.এফ. কোনো কোনোৱে উপলব্ধ কৰিছে ৷ আদান-প্ৰদান চলিছে ৷ ভাল কথা হৈছে ৷

তাকে চাই মোৰ মনলৈও আইডিয়া (!) এটা আহিল ৷মোৰ ভ্ৰমণ-লেখাসমূহ অসমীয়াত কথা-বতৰা (চমুকৈ অকব)ত পঢ়ি যাওঁতে অনেকজন শুভাকাংক্ষীয়ে সেয়া কিতাপ আকাৰে প্ৰকাশ কৰাৰ বাবে পৰামৰ্শ দি আহিছে, আৱেদন জনাই আহিছে, তাগিদা দি আহিছে ৷ তৎসত্ত্বেও এই পৰ্যন্ত মোৰ কোনো মুদ্ৰিত পুস্তক নাই ওলোৱা আৰু কিজানি তেনেকুৱা নহবও ৷ লেখাবিলাকৰ কেৱল .ডক ফাইলহে আবদ্ধ কৰা হৈছে ৷

আগ্ৰহী পাঠক বা ভ্ৰমণপিয়াসী লোকলৈ ইতিহাস-ভূগোল-সংস্কৃতিভিত্তিক এড্‌ভেন্সাৰধৰ্মী নিজৰ এই পৰ্যটন-ৰচনাসমূহ (অভিযান-সাহিত্য !) মই স্বেচ্ছাই প্ৰেৰণ কৰিব খোজোঁ ৷ সচিত্ৰ ৰূপত পাবলৈ মোৰ ব্লগতো (abdussazid.blogspot.com) নিৰ্দ্বিধাই সোমাব পাৰে ৷ নিৰ্বাসনৰ দিনকেইটাত ইচ্ছা কৰিলে একেমুঠে এইবোৰ পঢ়ি থাকিব পৰা যাব ৷ দিন ভাল হলে এপাক মাৰি অহাত তেতিয়া বেচ সুবিধা হব নিশ্চয় ৷ তাতে, প্ৰকৃতিৰ সৈতে সকলোৱে একাত্ম হৈ ৰোৱাটোৱেই সময়ৰ আহ্বান নহয়জানো ?

ঠিকে আছেনে আইডিয়াটো ? বাৰু এতিয়া কওক, তলৰ কোনখন পঢ়িব বিচাৰিব আপুনি ?

১. অগস্তি-যাত্ৰা (পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল, লেক অফ্‌ ন ৰিটাৰ্ণ ৷ জানুৱাৰী ২০১৩)

২. অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ (ৱালং-ডং-কিবিথু চাৰ্কিটৰ লগতে তেজু-ৰয়িং-মায়ডিয়া ৷ এপ্ৰিল ২০১৫)

৩. সোণালী নৈ সোৱণশিৰিৰ পাৰে পাৰে (জিৰ-ডাপৰিজ-তাকচিং চাৰ্কিট ৷ নৱেম্বৰ ২০১৫)

৪. আংগামী নগাৰ বৰভেটি খনমা আৰু আত্মা-আলোড়নকাৰী ঝুক ভেলী (খনমা-ঝুক ভেলী ৷ জুলাই ২০১৬)

৫. মেন্‌-চু-খা (পাচিঘাট-আল-মেন্‌-চু-খা চাৰ্কিট ৷ নৱেম্বৰ ২০১৬)

৬. শদিয়ালৈ গলোঁ, দীঘল দলং চালোঁ (তিনিচুকীয়া-শদিয়া-ৰয়িং চাৰ্কিট ৷ মে ২০১৭)

৭. বগামাটিৰ সন্ধানত (নৰ্থ ইষ্ট এড্‌ভেন্সাৰ টুৰিজিম ফেষ্টিভেল ৷ ছেপ্টেম্বৰ ২০১৮)

৮. লাংৱকু (ডিলাই-লাংৱকু ৷ নৱেম্বৰ ২০১৮)

৯. জংফাত এৰাতি (চকীহোলা-জংফা-কেইহাং ৰেনচ ৷ মাৰ্চ ২০১৯)

১০. থাই আপচিৰ (হামৰেণ-থাই আপচিৰ-খান্দুলি ৷ ছেপ্টেম্বৰ ২০১৯)

১১. যাত্ৰা বিচিত্ৰা ৫০ (বিদেশ ৰাষ্ট্ৰকে ধৰি ৫০টা ভ্ৰমণ কাহিনীৰ সমাহাৰ)

১২. যাত্ৰা সমাহাৰ (মহামায়া, ছেপ্টেম্বৰ ২০১২ ৷ আকাশী গংগা, জানুৱাৰী ২০১৫ ৷ কাংথিলাংছ, অক্টোবৰ ২০১৫ ৷ চাপানলা, ফেব্ৰুৱাৰী ২০১৬ ৷ ডিলাই পৰ্বত, অক্টোবৰ ২০১৬ ৷ শ্বিকদামাখা, ডিচেম্বৰ ২০১৬ ৷ লাংচিথিং, অক্টোবৰ ২০১৮ ৷ চাইজাং, ফেব্ৰুৱাৰী ২০১৯)

১৩. কৰকাণ্ঠিছ : লংতাং পাহাৰৰ অচিন দুৰ্গমতাত এদিন (ডিচেম্বৰ ২০১৯)

১৪. আনিনিত ডাৱৰে মাটিক চুমা যাচে (জানুৱাৰী-ফেব্ৰুৱাৰী ২০২০)

১৫. ৰেংমা হিল্‌ছৰ গভীৰ অৰণ্যত আতংকময় এনিশা (ফেব্ৰুৱাৰী ২০২০)

 ……………………..

পৰৱৰ্তী সংযোজন

১৬. পৰ্যটন দিৱসৰ পৰ্যটন (ছেপ্টেম্বৰ ২০২০) 

১৭. পৰিভ্ৰমী আমূৰ ফেলকনৰ সন্ধানত উমৰুখুটিত এৰাতি (নৱেম্বৰ ২০২০)

 

 

 ৯. প্ৰত্যাৱৰ্তন যাত্ৰা

 


'Travel as much as you can, as far as you can, as long as you can. Life is not meant to be lived in just one place.'

৩ বাজিবৰ হল ৷ ৰন্ধনশালাৰ পৰা খাদ্যবস্তুসহিত ডেকচি-কেৰাহীবোৰ গোলাকাৰ খাদ্যথলীলৈ কঢ়িয়াই অনা হৈছে ৷ ঘৰত ১০ বজাত খাই আহিছিলোঁ হেতুকে ইয়াত ভাত নাখালেও চলে ৷ দ্বিতীয়তে, কাৰবি পৰম্পৰাগত আহাৰৰ দিহা কৰা হৈছে ৷ কি ঠিক, মোৰ বাবে নিৰামিষ খাদ্য নাথাকিবও পাৰে ৷ তাতে আমি হলোঁ আকস্মিক অতিথি ৷ এতেকে অসুবিধা জন্মোৱাটো মুঠেই শোভনীয় নহব ৷ লৰায়ো সেইবাবেই এনেকৈ খোৱাত অংশ গ্ৰহণ কৰাত অনিচ্ছা প্ৰকাশ কৰিছে ৷ গগৈ ছাৰৰ কিন্তু মতলব বেলেগ ৷ আনফালে খৰছিঙে আমাক জোৰ দি ধৰিছে ৷ ভাত খাই যাব লাগিব ৷ নিৰামিষৰ বাবে দাইল আৰু ভাজি আছে ৷ চিন্তা কৰিব নালাগে ৷ অগত্যা তিনিও একেশাৰীতে বহি দিলোঁ, ক্ৰ আৰু ৰংহাঙৰ লগতে ৷ নিৰামিষভোজীৰ কাৰণে এয়া স্পেচিয়েল দেই বুলি গগৈ ছাৰে অথনি লংনিত বজাৰত কিনা পটেট চিপ্‌ছৰ পেকেট এটা দিলে, ভাতৰ লগত খাবলৈ ৷ 

ছেৰদিহুন আৰু লাৰলিনাই গাইপতি একোটাকৈ বাঁহৰ চুঙা আৰু সন্মুখত কলপাত পাৰি দিছে ৷ পুইয়ে নেমুটেঙা, নিমখ-জলকীয়া বিলাইছে ৷ ঘৰুৱা ভাবত আটায়ে কামবোৰ কৰি গৈছে ৷ ডেকা বিলনীয়াহঁতে ভাত-দাইল-ভাজি দিলেহি ৷ মোৰ বাবে এয়াই যথেষ্ট ৷ বিপৰীতে, আমিষাহাৰীৰ বাবে চুঙাত সিজোৱা মাছ, তিল দি ৰন্ধা গাহৰিৰ মাংস ইত্যাদি ইত্যাদিৰ আয়োজন কৰা হৈছে ৷ 

খাদ্য খাই তৃপ্তি লাগিল ৷ দলৈ, চন্দ্ৰ আদি লংনিতৰ পৰা অহা ৰান্ধনিকেইজনে বৰ সোৱাদ লগাকৈ ৰান্ধিছে ৷ নাখাওঁ নাখাওঁ কৈ থকা আদিশেও ট্ৰেডিছনেল আহাৰৰ জুতি বেছকৈ পালে ৷ আগতে কেতিয়াও খাই নোপোৱা, চুঙাত ৰন্ধা মাছকেইটা খাই গুণ গাই থাকিল ৷ 

শৃংখলাবদ্ধভাৱে সকলোৱে একেলগে গোলাকাৰভাৱে বহি খোৱাত মনোনিৱেশ কৰি থকা অৱস্থাতে মই এফালৰ পৰা মূৰবোৰ গন্তি কৰিব ধৰিলোঁ ৷ মুঠতে ২৩টা ৷ তাৰ মানে কভিড-আক্ৰান্ত বিশ্ব পৰ্যটন দিৱসৰ আজিৰ আয়োজনত যোগদানকাৰীৰ সংখ্যা ২৩ জন মাত্ৰ ! 

লক্‌-ডাউনৰ নেতিবাচক প্ৰভাৱ ! এই প্ৰভাৱ কেৱল ইয়াতে নহয়, সমগ্ৰ পৃথিৱীতে আজি স্পষ্ট ৷ অতিমাৰী কৰনা ভাইৰাছৰ সন্ত্ৰাসত বিশ্বজুৰি মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰা অচল হৈ পৰিছে ৷ দেশে দেশে মানুহ শংকিত ৷ আহ-যাহ, ভ্ৰমণ-পৰ্যটন স্তব্ধ ৷ ব্যৱসায়-বাণিজ্যতো সকলোফালে মন্দাৱস্থা ৷ বাতৰি কাকতৰ জৰিয়তে পোহৰলৈ অহা এক তথ্য অনুসৰি বিশ্ব পৰ্যটন ক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণে এতিয়ালৈ প্ৰায় ৩২ হাজাৰ কোটি ডলাৰ চুইছেগৈ ৷ বিশ্ব-অৰ্থনীতিৰ বাবে ই এক বৃহৎ মাধমাৰ ৷ খোদ ৰাষ্ট্ৰসংঘই এই কথা সদৰি কৰিছে ৷ 

৪ বাজিল ৷ পোহৰ কমি আহিছে ৷ অলপ সময় আলাপ-আলোচনা চলাৰ পাছতে আমি বিদায় লোৱাৰ কথা চিন্তা কৰিলোঁ ৷ সোনকালেই অঞ্চলটোলৈ অন্ধকাৰ নামি আহিব ৷ যাওঁ বুলি ওলাইছোঁ যদিও পানী খাবলৈ দিয়া বাঁহৰ চুঙাকেইটা হাতৰ পৰা হলে এৰা নাই ৷ ঘৰলৈ লৈ যোৱাৰ মতলব ৷ বাকীসকলক মাত দি আমি তিনিও লাহে লাহে লংছকাংথু পিকনিক্‌ স্পটৰ পৰা ওলাই আহি গাড়ীত বহিলোঁহি ৷ আদিশে ইঞ্জিন ষ্টাৰ্ট দিলে ৷ 

লংনিত, মাঞ্জা তিনিআলি পাৰ হলোঁ ৷ চিংৰি আহিথি ৷ চিংৰি বজাৰ ৷ মাঞ্জা-ডিফু পথৰ দাঁতিত স্থানীয় কাৰবি, বড়ো গঞা ৰাইজৰ উদ্যোগত নতুনকৈ বজাৰ এখন বহিছে ৷ গাড়ী ৰখোৱাচোন বুলি কোৱাৰ লগে লগে আদিশে ব্ৰেক মাৰিলে ৷ পোহাৰী এগৰাকীৰ কাষ চাপি, কথা পাতি গম পালোঁ যে আজি আৰম্ভণি হৈছে বজাৰখনৰ ৷ কব নোৱাৰাকৈয়ে, আচম্বিতে শুভদিন এটাৰ সাক্ষী হবলৈ পাই আনন্দ লাগি গল ৷ ঘূৰি-পকা অমিতা, লাইশাক, পানীলাউ, কলডিল আদি শাক-পাচলি কিছুমান কিনিলোঁ আৰু গাড়ীৰ ডিকিত ভৰাই ললোঁ ৷ গগৈ ছাৰেও ললে ৷ ডিফু বজাৰৰ তুলনাত সস্তাতে পালোঁ বস্তুবোৰ ৷

বিশ্ব পৰ্যটন দিৱসৰ পৰ্যটন সামৰি সন্ধিয়া ৬ বজাৰ আগে আগে ভালে-কুশলে, পৰিপূৰ্ণ মনেৰে ঘৰ সোমালোঁ ৷ গৃহ-প্ৰৱেশৰ পাছত ৱাট্‌ছএপত ঘনিষ্ঠ কেইজনমানলৈ মেছেজ বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী সামৰি এয়া ঘৰ সোমাইছোঁ ৷ জীপ লাইনিঙৰ ফটো একপিও লগতে গাঁঠি দি সকলোকে আচৰিত কৰি দিলোঁ ! (সমাপ্ত)

 ৮. Zip Lining কৰিলোঁ


'Adventure is not hanging on a rope off the side of a mountain. Adventure is an attitude that we must apply to the day-to-day obstacles in life.'

জীৱনলৈ মনত ৰৈ যোৱা চমু
থিয়সভাখন অন্ত পৰাৰ পাছতে সংগঠনৰ সদস্যসকলে তিৰ্পালত সজাই ৰখা সা-সামগ্ৰীবোৰ ভাগ-বতোৱাৰা কৰি হাতে-কান্ধে তুলি ললে ৷ এতিয়া আছে প্ৰদৰ্শন কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ কাৰণেই আচলতে উদ্বাউল হৈ ডিফুৰ পৰা লৱৰি আহিছোঁ লংনিতৰ পাৰলৈ ৷ এভাৰেষ্টাৰ খৰছিঙে ৰংহাং আৰু ক্ৰৰ সৈতে আমি তিনিওকে তাতে কিছু সময় বহিবলৈ, কথা পাতিবলৈ অনুৰোধ জনালে ৷ কলে যে তেওঁলোক উপযুক্ত স্থানৰ সন্ধানত ওলাইছে ৷ প্ৰথমে ব্যৱস্থাসমূহ কৰিবগৈ ৷ আমি লাহেকৈ আহিলেই হল ৷

ইতিমধ্যে ৰংহাঙৰ সৈতে আলাপ কিছু হৈছিল মোৰ ৷ নিজস্ব Theme Explore Karbi Anglongৰ অন্তৰ্গত জিলাখনত নিজে কৰা যৎপৰোনাস্তি ভ্ৰমণ-পৰ্যটনৰ প্ৰসংগ উলিয়াইছিলোঁ ৷ লগত অনা পাণ্ডুলিপিকেইটাও দেখুৱাইছিলোঁ ৷ কাষতে বহি লৈ মন দি কিছু পঢ়ি চাইছিল তেওঁ ৷ এতিয়া পুনৰ একেবোৰ কথাৰেই আলোচনা ৷ পৰ্যটন দিৱসৰ দিনা অৱশ্যে এনে চৰ্বিতচৰ্বন অৱধাৰিত আৰু উচিতো ৷

এনেকৈ কথা পাতি থাকোঁতে ১.৩৫ বাজিল ৷ খেয়াল হল যে অনেক বেলি হলচোন ৷ খৰছিংহঁতে কি কৰিছে ইমানপৰে ? ৰংহাং আৰু ক্ৰক তাতে এৰি আমি তিনিও সিহঁতবোৰক বিচাৰি ওলালোঁ ৷ মনত অপাৰ কৌতূহল ৷ কত কেনে ব্যৱস্থা কৰিছে চাবলৈ ইচ্ছাবোৰে খূদুৱাই আছে ৷

খলখলাই থকা লংনিতৰ জলস্ৰোত চাই চাই কাঠৰ দীঘল দলংখনৰ ওপৰেৰে এখোজ-দুখোজকৈ পাৰ হৈ থাকোঁতেই দৃষ্টিত ধৰা পৰিল, সিপাৰে KAMAৰ সদস্যসকলে গছ এডালত ৰছী বান্ধি আছে ৷ আনটো মূৰেও কেইজনমানৰ উপস্থিতি, পাহাৰৰ ওপৰত ৷ ওচৰ চাপি গলোঁ ৷ কি হব সোধাত কলে, Zip Lining ৷ আও-ভাও একো বুজি নাপালোঁ হলে ৷

দুঃসাহসিক ক্ৰীড়াকলাপবোৰ সচৰাচৰ দেখিবলৈ পোৱা নাযায় ৷ সেয়ে ইমান বুজিও নাপাওঁ ৷ এনেস্থলত কৌতূহলপূৰ্বক এতিয়া কোনে কত কি কৰি আছে তালৈকে শেনদৃষ্টি নিক্ষেপ কৰি ভেবা লাগি আছোঁ ৷ অনুসন্ধিৎসা দমন কৰিব নোৱাৰি গগৈ ছাৰে ৰছীবোৰ পিটিকি পিটিকি খৰছিঙক ৰছীৰ বিষয়ে প্ৰশ্ন কৰাত লাগি গল ৷ ফ্ৰান্সৰ পৰা কিনি অনা বিশেষ ৰছী এইবোৰ ৷ পৰ্বতাৰোহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ এভাৰেষ্ট জয় কৰাৰ পাছত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ পৰা ২ লাখ টকা উপহাৰ পাইছিলোঁ ৷ তাৰে ১ লাখ টকাৰ ৰছীকে কিনিলোঁ ৷ খৰছিঙে কৈ গল ৷ হুক, ক্লেম্প, পুলি আদিবোৰ খুলি-লগাই দেখুৱালে, বুজালে ৷ নিৰ্মাণ উচ্চ পৰ্যায়ৰ আৰু মন কৰিবলগীয়া ৷ অভিজ্ঞতাপুষ্ট এভাৰেষ্টাৰজনে ধুনীয়াকৈ সকলোখিনি আমাক জানিবলৈ দিলে ৷ 

Zip Line আচলতে এডভেঞ্চাৰ স্পৰ্টছ, আমোদ-প্ৰমোদ কিম্বা টুৰিজিমৰ সৈতেই সীমাবদ্ধ হৈ থকা নাই ৷ তথ্য অনুসৰি, মনোৰঞ্জনৰ দিশত ১৭৩৯ চনত ৰবাৰ্ট কেডমেনে সৰ্বপ্ৰথম Zip Line ব্যৱহাৰ কৰিছিল ৷ দুৰ্ভাগ্যক্ৰমে ৰছী ছিঙি যোৱাৰ ফলত তেওঁ মৃত্যুমুখত পৰিবলগীয়া হয় ৷ প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সা-সৰঞ্জামসমূহ ক্ৰমে মজবুত হৈ আহিল ৷ মানুহ, খাদ্য আৰু অন্যান্য সা-সামগ্ৰী, ডাক, অস্ত্ৰ-শস্ত্ৰ আদিৰ পৰিৱহণত Zip Line ব্যৱহৃত হ্ব ধৰিলে ৷ 

KAMAসাধাৰণ সম্পাদক এড্‌ৱাৰ্ডছন ৰংচেইছ, কোষাধ্যক্ষ অৰুণ তেৰাঙেও কথাত ভাগ ললেহি ৷ শুভম ঘোষ, অনিল বাগলাৰী, হাৰলংকি তিমুং, সুনীল তিছহঁত সিটো মূৰে লাগি আছে ৷ পুই চন্‌গাতে, সন্দীপা ঘোষ, লাৰলিনা ৰংপিপী, ছেৰদিহুন ৰংহাংপীও নিজ নিজ ধৰণে ব্যস্ত ৷ মাত-কথা বৰ বেছি নাই ৷ আচহুৱা যদিও পৰিৱেশটো কিবা এটা ভাল লাগি গল ৷ কভিডে বেমেজালি নকৰা হলে হয়তো আমাৰ দৰে অনেকজন উৎসুকে ইয়াত জুম বান্ধিলেহেঁতেন ৷ দুৰ্ভাগ্য, আজিৰ তাৰিখত সেইটো হৈ নুঠিল ৷ 

আৰম্ভ কৰিবলৈ আৰু অকণমান সময় লাগিব ৷ এডৱাৰ্ডে এনেকৈ কোৱাত সুযোগটো পাই নৈৰ পাৰে পাৰে আগলৈ গুচি গলোঁ, সেইফালৰ দৃশ্যৰাজি চাই অহা যাওক বুলি ৷ ২০১৬-১৭ বিত্তীয় বৰ্ষত ৫ লাখ টকা ব্যয়সাপেক্ষ শিলনি পিকনিকথলীৰ ফুটপাথ নিৰ্মাণ কৰা হৈছিল ৷ সিংহাসন সমষ্টিৰ অন্তৰ্গত লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী এই স্থান ৷ নৈৰ জলস্তৰ এতিয়া আমি দেখি থকাতকৈও বহুত বেছি হৈছিল বুলি বাঢ়নী পানীৰ দাগবোৰে স্পষ্ট কৰিলে ৷ গৈ আছিলোঁ যদিও হঠাতে বাধাপ্ৰাপ্ত হৈ আৰু আগ বাঢ়িব নোৱাৰা হলোঁ ৷ পাহাৰৰ ওপৰৰ পৰা নামি অহা ঢলে ঢাহি-মুহি লৈ অহা বাঁহ কিছুমানে দম বান্ধি বাটটো ভেটি থৈছে ৷ বিফল মনোৰথেৰে ঘূৰি আহিবলগীয়া হল ৷ নৈখনৰ পানীবোৰো অতি ঘোলা হৈ পৰিছে ৷ ফলত চিৰাচৰিত সৌন্দৰ্যটো অন্তৰ্ধান ৷ 

ঘূৰি আহি খৰছিং, অৰুণহঁতক ৰছীবোৰ টানি থকা দেখি আমিও শক্তিদান কৰিলোঁ ৷ Zip Lining প্ৰদৰ্শন কৰিব পৰাকৈ এসময়ত ৰছী, ক্লেম্প, হুক, পুলি ইত্যাদি ফিটিং হৈ গল ৷

উচ্চতাত থকা সিটো মূৰত বিশেষ পোছাক, হেলমেট, হেণ্ড গ্লভছ্‌ ইত্যাদি পিন্ধি লাৰলিনা সাজু ৷ পাছে পাছে পুই ৷ অনিল আৰু শুভমে প্ৰথমে লাৰলিনাক ৰছীৰ সৈতে নিজকে সংযুক্ত কৰাত সহায় কৰি দিলে ৷ তাৰ পাছতে তাই বাদুলি ওলমাদি ওলমি তললৈ চলি আহিবলৈ উদ্যত হল ৷ ব্যৱস্থাটোত কিবা এক গণ্ডগোল ৰৈ গৈছিল ৷ এড্‌ৱাৰ্ড লৰালৰিকৈ ওপৰলৈ উঠি গল ৷ ঠিক-ঠাক কৰি দিলে ৷ মধ্যাকৰ্ষণ শক্তিৰ বলত এইবাৰ তাই নামি আহি থাকিল ৷ খৰছিং, এডৱাৰ্ডহঁত পিছে সন্তুষ্ট নহল ৷ এসময়ত তল পালেহি ৷ এইমূৰত খৰছিং, অৰুণহঁতে হুক্‌ৰ পৰা অসংলগ্ন কৰি মাটিত নমাই দিলে ৷ আসোঁৱাহ মাৰি দিয়াত তাই আকৌ উঠি গল ৷ আৰু এবাৰ আহিল ৷ এইবাৰ ঠিক হল ৷ তাইৰ পাছত এইবাৰ পুই ৷ তাইৰ পাছত ছেৰদিহুন ৷ তাইৰ পাছত সন্দীপা ৷ ৰাইডাৰ যুৱতীকেইজনী এজনী এজনীকৈ চলি আহি এইটো মূৰে হাঁহি হাঁহি নামিলহি ৷ খৰছিং, অৰুণহঁতে হুক্‌ খুলি খুলি মাটিত নমাই থাকিল ৷ হাঁহি মাৰি সিহঁত পুনৰ উভতি গল ওখ ফাললৈ ৷ 

ছাৰ আপুনিও যাওক, কৰি চাওক ৷ দাদায়ো কৰি চাব দেই এবাৰ ৷ খৰছিংহঁতে সকীয়াই আছে আমাক ৷ জীৱনত কৰি নোপোৱা কাম ৷ মনটো লিক্‌লিকায়ো আছে অৱশ্যে ৷ ২০১৮ চনৰ ৬ এপ্ৰিল তাৰিখে উত্তৰ-পশ্চিম ইংলেণ্ডৰ জেক ৰেনল্ডছ নামৰ আজোককা এজনে নিজৰ ১০৬ বছৰীয়া জন্মদিনত Zip Lining কৰি পৃথিৱীৰ ভিতৰত সবাতোকৈ বয়সস্থ ৰাইডাৰৰ খিতাপ লভি থৈছে ৷ মোৰ বয়স সেইজনৰ আধা ৷ নোৱাৰিম কিয়  ? মনৰ মাজত প্ৰশ্ন চলিছে ৷ 

প্ৰথমে গগৈ ছাৰ ষ্টাৰ্টিং পইণ্টলৈ উঠি গল ৷ লাৰলিনাহঁতে সাজ, হেলমেট, গ্লভছ পিন্ধাত সহায় কৰি দিলে ৷ এডৱাৰ্ড আৰু শুভমে ছাৰক দাঙি ৰছীত ওলমাই দিলে ৷ ক্লেম্পত ওলমা-বাদুলি হৈ থাকি প্ৰথমে হয়তো ভয় খাইছিল ৷ এডৱাৰ্ডে পাছফালৰ পৰা কিবা-কিবি বুজাই আছে ৷ আহক, আহক ছাৰ ৷ তলৰ পৰা আমিও স্ফূৰ্তিতে কিৰীলি পৰাত ধৰিলোঁ ৷ লগে লগে ফটোও তুলি গলোঁ ৷ প্ৰত্যুত্তৰত হাঁহি হাঁহি তেওঁ নামি আহি থাকিব ধৰিলে ৷ এসময়ত এণ্ড পইণ্ট পালেহি ৷ খৰছিং, অৰুণহঁতে নমাত সাহায্য কৰি দিলে ৷ মুখত হাঁহি আৰু সন্তুষ্টিৰ ভাব লৈ মোৰ কাষ পালেহি গগৈ ছাৰ ৷ সৰঞ্জামবোৰ মোক চমজালে ৷ বুজিলোঁ, তাৰ মানে এইবাৰ মোৰ পাল ৷ 

সামগ্ৰীবোৰ হাত পাতি লৈ খটখটি বগাই সিটো মূৰে ওপৰ পালোঁগৈ ৷ ডাঙৰ গছডালৰ গুৰিত শুভম আৰু এডৱাৰ্ড ৰৈয়ে আছে ৷ কোনফালে ভৰি দুখন ভৰাই কেনেকৈ পিন্ধিব লাগে, বেল্ট মাৰিব লাগে, লাৰলিনা আৰু পুইয়ে শিকাই দিলে ৷ সেইদৰে বিশেষ সাজটো পিন্ধিলোঁ ৷ গছৰ গুৰিত ৰওঁতে এডৱাৰ্ডে মোক পৰীক্ষা কৰিলে ৷ চাৰ্টটো ওলাই আছিল ৷ পেণ্টৰ ভিতৰত ভৰাই লবলৈ নিৰ্দেশ আহিল ৷ দুহাতত ভৰাই লোৱা চামৰাৰ হেণ্ড গ্লভছযোৰো চালে ভালকৈ ৷ তাৰ পাছত ওপৰৰ ৰছীডালত ধৰি নিজকে নিজে ভৰি দুখনৰ সহায়ত ওলমাই ৰাখিবলৈ নিৰ্দেশ দিলে ৷ তেনে কৰিব পৰাত শৰীৰটো তলৰ ৰছীডালৰ সৈতে, বিশেষ পোছাকত থকা হুকৰ জৰিয়তে জব্দ কৰি দিলে ৷ তাৰ পাছত কলে, বাঁওহাতখনেৰে ওপৰৰ ৰছীডালত লাগি থকা পুলিটোৰ তলৰ অংশত ধৰক ৷ সোঁহাতখন হেণ্ড ব্ৰেক ৷ সোঁহাতেৰে তলৰ ৰছীডালত খামুচি থাকিব ৷ গতি বেছি হোৱা যেন পালে চেপা মাৰি দিব ৷ স্পীড কমি যাব ৷ লেণ্ডিঙৰ সময়তো এইটো উপায়েৰে আগতীয়াকৈ গতি নিয়ন্ত্ৰণ কৰিব ৷ 

জয় হনুমান বুলি আৰম্ভ কৰি দিলোঁ ৷ ষ্টেচন এৰাৰ পাছতে নামনি অভিমুখে শৰীৰে গতি লৈ লৈছিল ৷ আস্তেকৈ চেপা মাৰি নিয়ন্ত্ৰণ কৰি পেলালোঁ ৷ এৰোঁ, ধৰোঁ, এৰোঁ, ধৰোঁ ৷ এনেকৈ বতাহতে অলপমান মজাও ললোঁ ৷ একো অসুবিধা নোহোৱাকৈ আৰামছে আহি তল পালোঁহি ৷ খৰছিংহঁতে হুক খোলাত সহায় কৰি দিলে ৷ 

মোৰ পাছত অনিল বাগলাৰী আহিল ৷ তাৰ পাছত আদিশেও কৰি চালেগৈ ৷ হেঁপাহটো মোৰহে পলোৱা নাই ৷ আৰু এবাৰমান কৰি চাবলৈ মন আছিল ৷ পিছে সময়ৰ সীমাবদ্ধতালৈ লক্ষ্য ৰাখি কথাষাৰ নকলোঁ ৷ ৰছীবোৰ খুলি খৰখেদাকৈ সামৰি পেলোৱা হল ৷ আমিও সহায় কৰিলোঁ ৷

কেইদিনমান আগৰে পৰা ইয়াত খুব বৰষুণ দি আছে ৷ শিলবিলাক বিপজ্জনকভাৱে পিছল হৈ পৰিছে ৷ সেয়ে ৰক্‌ ক্লাইম্বিং কৰিব পৰা নাযাব ৷ নদীত পানী বাঢ়ি থকাৰ কাৰণে ৰিভাৰ ক্ৰছিঙো সম্ভৱ নহব ৷ পৰিস্থিতিয়ে সমৰ্থন নকৰা হেতুকে আজিলৈ ডেমনষ্ট্ৰেচন ইমানেই ৷ খৰছিঙে দুখ প্ৰকাশ কৰিলে ৷ হব, যিখিনি পালোঁ তাকে মানসিক আৰু আত্মিক তৃপ্তি বুলি ধৰি লৈ সদলবলে সকলোটি উভতিলোঁ খাদ্যথলীলৈ ৷ যি কি নহওক, জীৱনৰ বাবে ময়ো আজি নতুন অভিজ্ঞতা এটা লভিলোঁ ৷

 ৭. ভিড-আক্ৰান্ত ২০২০ৰ পৰ্যটন দিৱস


'If you want total security, go to prison. There you are fed, clothed, given medical care and so on. The only thing lacking is freedom.'

শিলনি অৰ্থাৎ লংছকাংথু পিকনিক্‌থলীত থকা নদীদ্বীপটোৰ সিটো প্ৰান্ত আপোনমনে পিটপিটাই অহাৰ পাছত আমালৈ লালচাহ আগ বঢ়োৱা বাঁহৰ চুঙাত চুমুক দি গগৈ ছাৰ, আদিশ আৰু মই কথা পাতি আছিলোঁ এভাৰেষ্টাৰ খৰছিং তেৰাঙৰ সৈতে ৷ কোনো কিতাপৰ কথা নহয়, বৰং এডভেঞ্চাৰ জীৱনৰ বিৰল অভিজ্ঞতা কিছুমানৰ আদান-প্ৰদান ৷ তাৰ মাজতে কাৰবি আংলং মাউণ্টেনিয়াৰিং এছচিয়েচনৰ সহযোগত জিলাখনৰ পৰ্যটন বিভাগটোৱে ইয়াত আজি আয়োজন কৰা বিশ্ব পৰ্যটন দিৱস উদ্‌যাপনৰ অৰ্থে বিভাগীয় বিষয়া আহি পাইছে বুলি খবৰ পোৱা গল ৷ আমন্ত্ৰিত নাছিলোঁ যদিও কাৰ্যসূচী আৰম্ভ কৰাৰ উদ্দেশ্যে থলীলৈ খোজ আগ বঢ়োৱা খৰছিঙে আমি তিনিওকো সভাথলীলৈ লগ ধৰিলে ৷ ১২ বাজি ৩০ মিনিট পাৰ হৈছে ৷

Love and Preserve Nature. এই motto লৈ ১৯৯০ চনত আৰম্ভ কৰা হৈছিল Karbi Anglong Mountaineering Association, চমুকৈ KAMA নামৰ সংগঠনটো ৷ মুখ্য কাৰ্যালয় জিলাসদৰ ডিফু ৷ এভাৰেষ্টাৰ খৰছিং সংগঠনটোৰ সভাপতি পদত আছে ৷ সাধাৰণ সম্পাদক এড্‌ৱাৰ্ডছন ৰংচেইছ৷ অৰুণ তেৰাং কোষাধ্যক্ষ ৷ সংগঠনটোত বৰ্তমানে ২৫ গৰাকী সক্ৰিয় সদস্য-সদস্যা আছে বুলি কলে ৷ যিকোনো ব্যক্তিয়েই ইয়াৰ সাধাৰণ সদস্য-সদস্যা হব পাৰে ৷ কাৰ্যবাহী সমিতিৰ সদস্য-সদস্যা হবলৈ হলে কিন্তু ৩ বছৰীয়া পাঠ্যক্ৰম এটা শেষ কৰি অহা হবই লাগিব ৷

প্ৰতি বছৰে শীত কালত কাৰবি আংলং মাউণ্টেনিয়াৰিং এছচিয়েচনে স্থানীয় পৰ্যায়ত কম উচ্চতাৰ সপ্তাহজোৰা এডভেঞ্চাৰ কেম্পৰ আয়োজন কৰি আহিছে ৷ মে-জুলাই মাহত ২-৩ দিনীয়াকৈ উচ্চ উচ্চতাৰ দুঃসাহসিক পৰ্যটনৰো আয়োজন কৰি আহিছে ৷ অৰুণাচল প্ৰদেশত ৰৱিং, ৰাফটিং কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷ এভাৰেষ্টাৰ খৰছিং সংগঠনটোৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰিছে ৷

ভাত-পানী খাব পৰাকৈ আৰ.চি.চি. ডেস্ক-বেঞ্চ সাজি দিয়া গোলাকৃতিৰ সুদৃশ্য থলীত সকলোটি গোট খালোঁহি ৷ মজিয়াত এখন তিৰ্পাল ৷ তাৰ ওপৰত পৰ্বতাৰোহণৰ সামগ্ৰী কিছুমান সজাই ৰখা হৈছে ৷ কেইবা প্ৰকাৰৰ ৰছীৰ পৰা আদি কৰি ৰাকছেক্‌, হেলমেট, স্ন এক্স, গ্লভছ, জোতা ইত্যাদি ইত্যাদি ৷ ৪ বছৰ পূৰ্বে সফলতাপূৰ্বক নিজৰ এভাৰেষ্ট আৰোহণ কালত লগত নিয়া সম্পদকেইটালৈ আঙুলিয়াই খৰছিঙে আমাক আনন্দমনে বুজাই গল ৷ মুখৰ আগতে অতি সহজতে পাই যোৱাত বস্তুবোৰ এফালৰ পৰা পিটিকি পিটিকি চোৱাত লাগিলোঁ ৷

দিৱসৰ বেনাৰখন মেলি ধৰি খৰছিঙে সংগঠনৰ হৈ অনানুষ্ঠানিক আৰম্ভণি সূচনা কৰি দিলে ৷ ছেৰদিহুন ৰংহাংপী, সন্দীপা ঘোষ, লাৰলিনা ৰংপিপী আৰু পুই চন্‌গাতে ৷ সদস্যা ৪জনীয়ে মজিয়াত ৰখা সামগ্ৰীখিনি সন্মুখত লৈ বেনাৰখন সুন্দৰকৈ ধৰি থাকিল ৷ শুভম ঘোষ, অনিল বাগলাৰী, হাৰলংকি তিমুং, সুনীল তিছ আদি সদস্যসকলো কাষ চাপি আহিল ৷ আঁতৰি আছিলোঁ যদিও আমাকো মাতিলে একেলগে ফটো উঠাৰ কাৰণে ৷ ভিড প্ৰকল অনুযায়ী সকলোৱে ফেচ মাস্ক পৰিধান কৰিছোঁ ৷ নিৰ্দিষ্ট দূৰত্বত অৱস্থান লৈছোঁ ৷ ৱাইছং তেৰাং ফটোগ্ৰাফাৰ ৷ মস্ত কেমেৰা এটা হাতত লৈ তেওঁ বিভিন্ন এংগোলৰ পৰা স্নেপ লোৱা আৰম্ভ কৰিলে ৷ আদিশেও ফটো তুলিলে ৷ তেনেকুৱাতে প্ৰৱেশ ঘটিল পৰ্যটন বিভাগৰ বিষয়া মিৰজেং ৰংহাং আৰু কৰ্মচাৰী মংগলছিং ক্ৰৰ ৷ আজি পুৱাতে ৱা্ট্‌ছএপৰ জৰিয়তে বেনাৰখন ক্ৰৱেই মোলৈ পঠিয়াইছিল ৷ Shall try বুলি লিখিছিলোঁ ৷ এতিয়া নিৰ্দিষ্ট জেগাত মুখামুখি হৈ পৰাত পৰস্পৰে পৰস্পৰক হাঁহিৰে সম্ভাষণ জনালোঁ ৷ লগতে দিৱসৰ আন্তৰিক শুভেচ্ছা ৷ তেওঁলোকৰ উপস্থিতিত পুনৰবাৰ গ্ৰুপ ফটোৰ বাবে পজ দিব লগা হল ৷

বিভাগীয় দায়িত্ববাহীদ্বয়ৰ চাহপৰ্ব সোনকালেই সমাধা হল ৷ তাৰ পাছতে সভা আৰম্ভ কৰাৰ যো-জা ৷ ঘৰটোৰ মাজত এটা প্ৰকাণ্ড খুঁটা ৷ গুৰিত থকা গোলাকাৰ ভেটিটোত উঠি লৈ ছেৰদিহুন আৰু লাৰলিনাই বেনাৰখন দুফালৰ পৰা ধৰি আছে ৷ দুয়োৰে মূৰত দুঃসাহসিক ক্ৰীড়াত পৰিধান কৰা হেলমেট ৷ তেওঁলোকৰ দুকাষে ক্ৰমে শুভম আৰু অনিল ৷ পিঠিত ৰাকছেক্‌ লৈ পৰ্বতাৰোহীৰ বেশত থিয় হৈছে ৷ কোনেও কাকো নিৰ্দেশ দিব নলগীয়াকৈয়ে এক ব্যতিক্ৰমী বেকগ্ৰাউণ্ড আৰু পৰিৱেশ ৰচনা হল মুহূৰ্তৰ ভিতৰতে ৷ চিন্তা-চৰ্চাবোৰ পূৰ্বপৰিকল্পিত যেন মোৰ বোধ হল ৷

ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ বাহিৰা কাকো আমন্ত্ৰণ জনোৱা হোৱা নাই ৷ আমি তিনিটাহে আকস্মিক সংযোগ মৰ্মে, সৌভাগ্যক্ৰমে, হৃদয়ৰ তাড়নাত লংছকাংথুত উপস্থিত হলোঁহি ৷ সামাজিক দূৰত্ব মানি মুখামুখিকৈ শাৰী পাতি বাকী সকলোটি ৰৈছোঁ ৷ এংকৰ অৰুণ তেৰাং ৷ কাৰ্যসূচীৰ প্ৰাৰম্ভতে আছে আদৰণি পৰ্ব ৷ উদ্দেশ্য ব্যাখ্যা সমাপ্ত হোৱাৰ পাছতে ইতিপূৰ্বে লিখি সজাই লোৱা মবাইল ফোনটোত দৃষ্টি ৰাখি অৰুণে এজন এজনকৈ নাম মাতি যাব ধৰিলে ৷ প্ৰথমে বিভাগীয় বিষয়া মিৰজেং ৰংহাং আগ বাঢ়ি গল ৷ পুই চন্‌গাতেই এখন কাৰবি পহৰে আদৰিলে ৷ ৰংহাঙৰ পাছত মংগলছিং ক্ৰ ৷ ক্ৰৰ পাছত ডক্টৰ ৰাজু গগৈ ছাৰক মাতিলে ৷ ছাৰৰ পাছতে মোক আচৰিত কৰি মোৰ নামটোও ঘোষণা হল ৷ পুইয়ে এখন ৰঙা পহ মোৰ গলধনত দিলে ৷ মোৰ পাছত কামাৰ সভাপতি খৰছিং তেৰাং ৷

পহ গ্ৰহণ কৰি প্ৰত্যেকে পুনৰ নিজৰ নিজৰ ঠাইত থিয় হৈছোঁ ৷ এতিয়াহে খেয়াল হল, কিছু সময়ৰ আগতে হাৰলংকিয়ে কিয় আদিশক মোৰ নামটো বাৰে বাৰে সুধি আছিল ৷ কথাটো তেতিয়া বুজা নাছিলোঁ, এতিয়াহে পৰিষ্কাৰ হৈ গল ৷ সি যি কি নহওক, পৰৱৰ্তী কাৰ্যসূচীৰ বাবে উৎকৰ্ণ হৈ আছোঁ ৷ অৰুণে কলে, এতিয়া আছে বিশ্ব পৰ্যটন দিৱস সম্বন্ধে একাষাৰ ৷

কাৰবি আংলং মাউণ্টেনিয়াৰিং এছচিয়েচনৰ সভাপতি খৰছিং তেৰাঙক পোনতে অনুৰোধ জনোৱা হৈছে ৷ কভিড আক্ৰান্ত দিৱসৰ শুভেচ্ছা জনাই তেওঁ সুন্দৰকৈ দু-আষাৰ কলে ৷ তাৰ পাছত ডক্টৰ গগৈ ছাৰক আহ্বান জনোৱা হল ৷ টুৰিজিমৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নত গুৰুত্ব দিয়াৰ হকে তেওঁ কিছু কথা ব্যক্ত কৰিলে ৷ অৱধাৰিতভাৱেই ইয়াৰ পাছতে আহিল মোৰ পাল ৷ ভাষণ দিয়াটো বাদেই, সভা-সমিতিৰ প্ৰতিয়েই অনুৰাগহীন, উদাসীন মানুহ ৷ এডভেঞ্চাৰ কাৰ্যকলাপ উপভোগ কৰা যাওক বুলি আহি ইয়াত আজি চক্ৰবেহুত সোমাই পৰিলোঁ ৷ হাৰলংকিয়ে বুদ্ধি কৰি নামটো উলিয়ালে, আদিশে আগ-গুৰি একো গম নাপাই কৈ দিলে, আৰু মই ফচি গলোঁ ৷

দশক পুৰণা সুখ-স্মৃতি এটা সুঁৱৰিবৰ বাবে কিবা এটা কৰাৰ ইচ্ছাত দুদিনমানৰ আগৰে পৰা ব্যাকুল হৈ আছিলোঁ ৷ শেষত হলহি এয়া ৷ সভা-সমিতি বেয়া পাওঁ, ভাষণ বেয়া পাওঁ, সম্বৰ্ধনা ভাল নাপাওঁ ৷ মিটিং আৰু ইটিং বৰ্জনীয় বুলি ডায়লগ মাৰি থাকোঁ ৷ হলেও উপায় নাই আজি ৷ জব্দ হৈ গলোঁ ৷ ইয়াকে ভাবি থাকিও এতিয়া একো লাভ নাই ৷

এখোজ-দুখোজকৈ আগুৱাই উপস্থিত দিৱসপ্ৰেমীসকলৰ সন্মুখত দ্বিতীয়বাৰৰ বাবে নিজকে থিয় কৰালোঁহি ৷ প্ৰত্যেককে বিশ্ব পৰ্যটন দিৱসৰ আন্তৰিক সম্ভাষণ জনালোঁ ৷ ২০২০ৰ পৰ্যটন দিৱসৰ সংকল্প হৈছে Tourism and Rural Development ৷ তাকে কেন্দ্ৰ কৰি একান্ত নিজস্ব চাক্ষুস অভিজ্ঞতাৰ ওপৰত ভেজা দি কাৰবি আংলঙক প্ৰেক্ষাপট হিচাপে লৈ হেঁপাহ পলুৱাই মনৰ বাক্য কিছুমান কবলৈ উদ্যত হলোঁ ৷ অভিৰুচি আৰু অভিজ্ঞতা মিলি পৰাত স্বতঃস্ফূৰ্তভাৱে আৰু অকণো খোকোজা নলগাকৈ কথাৰ জাউৰি এনেকুৱাই ওলাই আহিল যে সম্বৰণ কৰাই মস্কিল হৈ পৰিল ৷ পাছত আদিশে কোৱাতহে গম পালোঁ যে আজিৰ থিয়সভাখনত মইহে হেনো সকলোতকৈ বেছি লেকচাৰ মাৰিলোঁ !

 ৬. লগ পালোঁ এভাৰেষ্টাৰ খৰছিং তেৰাঙক

You never conquer the mountain, you only conquer yourself.

আমি গৈ পাওঁতে ৰান্ধনীঘৰৰ ভিতৰত কাম-কাজ তদাৰক আছিল খৰছিং তেৰাঙে ৷ আমাক দেখা পাই বাহিৰলৈ ওলাই আহিল ৷ ভাবিব নোৱাৰা ধৰণে হোৱা আমাৰ সোঁশৰীৰ উপস্থিতিত অতিশয় সন্তোষিত হল তেওঁ ৷ চাৰপ্ৰাইজ ভিজিট বুলি কৈ আমিও ধেমালি কৰিব ধৰিলোঁ ৷ নিৰিবিলি পৰিৱেশটোত তেওঁক লগ পাই আনন্দিত হলোঁ ৷

ভিড প্ৰকল অনুযায়ী সকলোৰে ফেচ মাস্ক পৰিধান কৰিছোঁ ৷ তেনেকৈয়ে কথা-বতৰা আৰম্ভ হল ৷ একে সময়তে আমাক ব্ৰেকফাষ্ট খাই লবলৈ অনুৰোধ জনালে ৷ ঘৰত ভাত খাই আহিছোঁ বোলাতো নেৰিলে ৷ সহকাৰীসকলে কলপাতত আহাৰ আৰু বাঁহৰ চুঙাত লালচাহৰ যোগান ধৰি গল ৷

সাগৰ-পিঠিৰ পৰা ৮,৮৪৮ মিটাৰ ওখত থকা মাউণ্ট এভাৰেষ্টত ১৯৬৫ চনৰ পৰা ২০১৮ চন পৰ্যন্ত আৰোহণ কৰিবলৈ সক্ষম হোৱা ৪২২ গৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ ভিতৰত খৰছিং তেৰাং অন্যতম ৷ ডিফুৰ স্থানীয় লোক, পৃথিৱীৰ ভিতৰেত এজন বিশেষ শক্তিশালী মানুহ বুলি তেওঁক লৈ আমাৰ গৌৰৱৰ অন্ত নাই, প্ৰশংসাৰো ভাষা নাই ৷ বাটে-পথে যতেই নহওক লাগে, লগ পালেই হল, ৰৈ লৈ ট্ৰেকিং-কেম্পিং-এডভেঞ্চাৰ সম্পৰ্কীয় কথা চলে ৷ সুন্দৰ ব্যৱহাৰ তেওঁৰ ৷ ভাল লাগে ৷

হিমালয়ৰ মোহত এবাৰ আচ্ছন্ন হৈ পৰিলে সেই মোহ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে বুলি এষাৰ প্ৰেক্টিকেল কথা আছে ৷ খৰছিঙৰ এভাৰেষ্ট অভিযান আনন্দদায়ক মুঠেই নাছিল ৷ ২০১৫ চনত প্ৰথমবাৰৰ প্ৰয়াস নেপালত ২৫ এপ্ৰিলত হোৱা বিধ্বংসী ভূমিকম্পত ছাৰখাৰ হৈ গৈছিল ৷ ৭.৮ ৰিখটাৰ প্ৰাবল্যৰ সেই ভূঁইকঁপত প্ৰায় ৯,০০০ মানুহৰ প্ৰাণহানি হৈছিল ৷ প্ৰায় ২২,০০০ মানুহ আঘাতপ্ৰাপ্ত হৈছিল ৷ কমেও ১৯গৰাকী পৰ্বতাৰোহীৰ মৃত্যু ঘটিছিল ৷ ১০০জনৰো ওপৰ অভিযানকাৰী আবদ্ধ হৈ পৰিছিল হিমালয়ৰ বুকুত প্ৰতিষ্ঠা কৰা বেছ কেম্পসমূহত ৷ প্ৰাকৃতিক কাৰণতে দুৰ্ভাগ্যক্ৰমে কাৰ্যসূচী আধাতে সামৰিবলগীয়া হৈছিল ৷ পৰ্বতক জয় কৰিব নোৱাৰি তাৰ পৰা বাচি উভতি অহাটোৱেই ডাঙৰ কথা বুলি বিখ্যাত পৰ্বতাৰোহীয়ে কৈ গৈছে ৷ সৌভাগ্যক্ৰমে খৰছিংহঁতে সুকলমে প্ৰত্যাৱৰ্তন কৰিব পাৰিছিল ৷

ইমানৰ পাছতো কিন্তু পাছ হুঁহকি যোৱা নাছিল তেওঁ ৷ পৰৱৰ্তী বৰ্ষত পুনৰ ৰাওনা হয় স্বপ্নৰ লক্ষ্যত ৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰ্যালয়ৰ অৰ্থ-সাহায্যত Assam Mountaineering Association (AMA)ই আয়োজন কৰা ২০১৬ৰ অভিযানটোত আছিল মানস বৰুৱা (দলনেতা), উপেন চক্ৰৱৰ্তী (উপ-দলনেতা), নন্দ দুলাল দাস, হেনৰী ডেভিদ টেৰণ আৰু খৰছিং তেৰাং ৷ ডাক্তৰ জগদীশ বসুমতাৰী দলটোৰ চিকিৎসক ৷ নেপাল-হিমালয়ৰ অভিযানৰ বাবে কাঠমাণ্ডু-লুকলাৰ পথটো ব্যৱহাৰ কৰা হয় ৷ খৰছিংহঁতৰ দলটোৱেও কাঠমাণ্ডুৰ পৰা চলোৱা ৪৫ দিনীয়া অভিযানৰ অন্তত পৃথিৱীৰ চূড়াত উঠিবলৈ সক্ষম হয় ৷

খৰছিং তেৰাং কাৰবি আংলং জিলাৰ প্ৰথম এভাৰেষ্টাৰ ৷ তেওঁৰ জন্ম ১৯৮১ চনৰ ১৪ ফেব্ৰুৱাৰীত, ডিফুত ৷ পিতৃ প্ৰয়াত খয়া তেৰাং, মাতৃ প্ৰয়াত সূৰ্য ৰংপিপী ৷ টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰী তেওঁৰ আদৰ্শ পৰ্বতাৰোহী ৷

ডিফুৰ ডনবস্ক হাইস্কুলত শিক্ষা জীৱন আৰম্ভ কৰা খৰছিং তেৰাঙে ১৯৯৭ চনত উক্ত শিক্ষানুষ্ঠানৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ছাত্ৰাৱস্থাৰ পৰাই ফুটবল, চাইক্লিং, ভ্ৰমণ আৰু দুঃসাহসিক ক্ৰিয়াকলাপৰ প্ৰতি অনুৰাগী আছিল ৷ ২০০১ত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ পৰ্বতাৰোহণৰ দুৰ্বাৰ আকাংক্ষা পূৰণৰ তাড়নাত তাৰ পাছতে, ২০০২ চনত তেওঁ দাৰ্জিলিংস্থিত Himalayan Mountaineering Institute (HMI)ত যোগদান কৰেগৈ ৷ একে বৰ্ষতে Basic Mountaineering Courseও গ্ৰহণ কৰে ৷ ২০০৩ত Advance Mountaineering Course লয় ৷ ২০০৪ চনত Special Advance Mountaineering Course সমাপ্ত কৰে ৷ 

খৰছিঙে ২০১১ চনত Mt. Kolahoi (৫,৪২৫ মিটাৰ) আৰু Lama Wangden Peak (৬,২০০ মিটাৰ), ২০১৫ চনত Island Peak (৬,২৫০ মিটাৰ)ত অভিযান চলাই সফলতা লভিছিল ৷ ২০১৬ত এভাৰেষ্ট বিজয়ী হোৱাৰ পাছত ২০১৮ চনত ৬,৬৭২ মিটাৰ উচ্চতাৰ Gorichen-1 শৃংগত আৰোহণ কৰে ৷ 

তুষাৰাবৃত পৰ্বতমালা একে সময়তে সুন্দৰো, ভয়ংকৰো ৷ এভাৰেষ্টত বগাওঁতে পৰ্বতাৰোহীয়ে অনেক বাধা, অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হয় ৷ এই সম্পৰ্কত খৰছিঙৰ নিজৰ ভাষাৰে, the major challenges come from icefall areas, which are slippery and have a great chance of fall-accident, but we succeeded in overcoming those icefall areas. On the main summit day, we walk for 24 hours without water.

এভাৰেষ্টত ঘনে ঘনে আৰু নিমিষতে বতৰৰ পৰিৱৰ্তন ঘটে ৷ পৰিৱেশ-পৰিস্থিতি একেবাৰেই অনিশ্চিত ৷ এনেস্থলত খৰছিঙে কয়, বিশেষভাৱে, মাউণ্ট এভাৰেষ্টত উঠিবলৈ হলে তিনিটা L - Legs, Lungs আৰু Luckৰ খুব প্ৰয়োজন ৷ আনহাতে শৰীৰটোক সক্ষম কৰিবলৈ প্ৰটিনযুক্ত আহাৰ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা দৰকাৰ ৷

বিপদসংকুল আৰু ৰোমাঞ্চকৰ এভাৰেষ্ট অভিযানৰ সপোন সাকাৰ কৰিবৰ বাবে তেওঁ এমাহ ধৰি কঠোৰতম অনুশীলন কৰিছিল ৷ চাইকেল চলাইছিল ৷ পিঠিত ১০-২০ কিলগ্ৰাম ওজন লৈ নিতৌ কমেও ৫ কিলমিটাৰকৈ খোজ কাঢ়িছিল ৷ এইটো ঠিক যে অকল দৈহিক সক্ষমতাৰ বলেৰে এভাৰেষ্ট আৰোহণ সম্ভৱ নহয় ৷ মানসিক শক্তিও সমানেই প্ৰয়োজনীয় ৷ সুস্থিৰ পৰিকল্পনা, যথোচিত প্ৰস্তুতি তথা সাধনালব্ধ শক্তিয়ে তেওঁক উপনীত কৰাইছিল পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাত ৷